newsnextone.com | মৰিয়নীঃ ৰে’ল যাত্ৰাত সুৰক্ষিত নহয় মহিলা৷ সমগ্ৰ দেশ জুৰি মহিলাৰ ওপৰত অপ্ৰিতীকৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে অসমতো এটাৰ পিছত এটা কাণ্ড সংঘটিত হ’ব ধৰিছে। যোৱা ৪০ ঘণ্টাৰ ভিতৰত অসমত ৰেলৰ ভিতৰত দুগৰাকী যুৱতী-মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছত ৰেল যাত্ৰাৰ সময়ত যে অসমত মহিলা সুৰক্ষিত নহয় সেই কথাকেই প্ৰমাণ কৰে৷
মঙলবাৰে চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ এগৰাকী মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই বুধবাৰে পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷