Home অন্যান্য খবৰপুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

by News Desk
53 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াৰ মেলাঘাটৰ পুখুৰীত আজি মহিলাৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ পথচাৰীয়ে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মহিলাগৰাকী খাৰুপেটীয়া টিলাপট্টীৰ জয়ন্তী শীল (৫৫) বুলি চিনাক্ত কৰা হয়৷ মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে মহিলাজনী খাৰুপেটীয়াৰ মানুহৰ ঘৰে ঘৰে কাম-বন কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0