খাৰুপেটীয়াঃ দৰঙৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত বাঁহাবাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হামিদৰ বিৰুদ্ধে প্ৰমাণ-পত্ৰ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ বহুদিন আগৰপৰাই উত্থাপন হৈ আহিছে।

প্ৰতিখন প্ৰমাণ-পত্ৰৰ নামত তেওঁ সংগ্ৰহ কৰিছিল ৫০০ ৰপৰা ১০০০ টকা পৰ্যন্ত। বহু দিনৰপৰা থকা এই অভিযোগৰ পাছত শুকুৰবাৰে এজন অভিভাৱকে এখন চাৰ্টিফিকেট ১০০০ টকাৰ বিনিময়ত লৈ থকা অৱস্থাত ৰাইজে হাতে-লুটে ধৰে শিক্ষকজনক।

টেবুলত টকা থৈ বাহিৰলৈ ওলাই যোৱা শিক্ষকজনক ক্ষুব্ধ ৰাইজ আৰু অভিভাৱকে ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।ৰাইজে শিক্ষকজনক আবদ্ধ কৰিও ৰাখে বিদ্যালয় চৌহদতে।

সাংবাদিক দেখি তেওঁ পলায়ন কৰাৰ চেষ্টা কৰিছিল। শিক্ষকজনে সাংবাদিকৰ মুখামুখি হোৱাৰপৰা  বিৰত থাকা দেখা গ’ল।

NRCৰ গইনা লৈ শিক্ষকতাৰ দৰে মহান বৃত্তিত থাকিও এনেদৰে প্ৰমাণ-পত্ৰৰ দিয়াৰ নামত অবৈধভাৱে দুখীয়া অভিভাৱকৰপৰা ধন সংগ্ৰহত নামি পৰিছিল আব্দুল হামিদ নামৰ শিক্ষকজনে।

ঘটনাটো খাৰুপেটীয়াৰ নিকটৱৰ্তী বাঁহাবাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ। এনেকৈ অবৈধভাৱে ধন সংগ্ৰহ কৰা শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছে ৰাইজে।