খাৰুপেটীয়াঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দৰং জিলাৰ দলগাঁৱত উদযাপন কৰা হয় শিশু দিৱস। দলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত দলগাঁও শিশু উদ্যানত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিদ্যালয়ৰপৰা অহা শিশুসকলে অংশগ্ৰহণ কৰে।
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি তৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোত শিশুসকলৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, গীত পৰিৱেশন, কবিতা আবৃত্তি আদি কাৰ্যসূচী অনুষ্ঠিত কৰি শিশুসকলক উৎসাহিত কৰিবলৈ নিচুকনি বঁটা আগবঢ়োৱা হয়।