খাৰুপেটীয়াঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দৰং জিলাৰ দলগাঁৱত উদযাপন কৰা হয় শিশু দিৱস। দলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত দলগাঁও শিশু উদ্যানত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিদ্যালয়ৰপৰা অহা শিশুসকলে অংশগ্ৰহণ কৰে।

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি তৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোত শিশুসকলৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, গীত পৰিৱেশন, কবিতা আবৃত্তি আদি কাৰ্যসূচী অনুষ্ঠিত কৰি শিশুসকলক উৎসাহিত কৰিবলৈ নিচুকনি বঁটা আগবঢ়োৱা হয়।

দলগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি পদ্মলোচন দাস, সভাপতি প্ৰদীপ ঘোষ, আৰু সম্পাদক আব্দুল আজিজ, প্ৰেছ ক্লাবৰ অন্যান্য সদস্যসকল, লালপুলস্থিত ২৩ বেটেলিয়ন এছ এছ বিৰ ইন্সপেক্টৰ দিলিপ কুমাৰ দাংগি, দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন গোহাঁইৰ লগতে অন্য বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকি শিশু দিৱসৰ লগত সংগতি ৰাখি মূল্যৱান ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে স্থানীয় চিত্ৰ আৰু কণ্ঠ শিল্পী ছফিকুল ইছলাম ছাফিয়ে।