খাৰুপেটীয়াঃ অসমৰ লগতে দেশৰ প্ৰতিটো প্ৰান্ততে বি জে পি শাসিত কেন্দ্ৰীয় চৰকাৰে ধৰ্ম নিৰপেক্ষ ভাৰতীয় সংবিধানক মষিমূৰ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰনয়ণ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ কৰাৰ পাছতো বি জে পিয়ে ভবা মতেই জে পি চিয়ে অহা ৭ জানুৱাৰি তাৰিখে প্ৰতিবেদন দাখিল কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ বিৰোধীতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷
ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচি ৰূপায়ণ কৰাৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকো স্মাৰক-পত্ৰ দাখিল কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ’লে অসমে সবাতোকৈ ক্ষতি গ্ৰস্ত হ’ব৷ অসমতে অসমীয়াই সংখ্যালঘুত পৰিণত হোৱাৰ লগতে ভাষা, সংস্কৃতি বিপদাপন্ন হোৱাটো নিশ্চিত।