54
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনা। খেৰণি থানা অন্তৰ্গত খেৰণি চাৰিআলিত মটৰ চাইকেলৰ তীব্ৰ খুন্দাত নিহত এজন পথচাৰী।
লোকজনে খোজকাঢ়ি গৈ থকা অৱস্থাত দুৰ্ভাগ্যজনকভাৱে সংঘটিত হয় এই ঘটনাটো। ঘটনাৰ পাছতেই লোকজনক ততাতৈয়াকৈ খেৰণি আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে. নিহত লোকজনক খেৰণি চাৰিআলিৰ ভৰত ছাহ (৪৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।