137
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত এতিয়া বন্য হস্তীৰ বিচৰণস্থলীত পৰিণত হৈছে। ৭০-৮০টা বনৰীয়া হাতী জাকে এতিয়া বনাঞ্চলত থকাৰ বিপৰীতে জনাঞ্চলতহে অৱস্থান গ্ৰহণ কৰিছে। দিনৰ ভাগত কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ বেলি মাৰ যোৱা লগে লগেই গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বৃহস্পতিবাৰৰ সন্ধিয়াৰ ৪ বজাৰপৰা গোটেই নিশা খেৰণিৰ হাজাগাফেৰ গাঁও, বাক্ৰিফাংহাজা, মচকা, মাইজিয়া-হাদি গাঁৱত উপদ্ৰৱ কৰিছে।
