ওদালগুৰিঃ ‘অগপৰ মুখ্য কাৰ্যালয় আমবাৰী এতিয়া আদহিয়া মানুহৰে ভৰি পৰিছে৷ ১৯৮৫ৰপৰা এতিয়ালৈকে তেওঁলোকে গাদি খামুচি ৰাখিছে। যুৱ-প্ৰজন্মৰ স্থান নাই অ গ প দলত। যাৰ বাবে অস্তিত্বৰ সংকটত পৰিছে আঞ্চলিক দল অ গ প। অ গ পৰ নেতৃত্বই আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে। প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, অতুল বৰাৰ দৰে নেতা আজি নিৰ্বাচন খেলাৰ বাবে অযোগ্য। তেওঁলোকে ৰাজনীতিৰপৰা সন্যাস লৈ নতুন আৰু শিক্ষিত যুৱ প্ৰজন্মক দলটো চলাবলৈ আগুৱাই দিৱ লাগে।’
এই ভাষ্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী ভৱেশ কলিতাৰ। শুকুৰবাৰে কলিতাই ওদালগুৰি জিলাৰ ওৰাঙত ‘নিয়ৰ নিৰ্মল’ নামৰ এক গেছ এজেঞ্চী মুকলি অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে।