কোকৰাঝাৰঃ বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত শুকুৰবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষৰ শিশু উদ্যানৰ সন্মুখত পুৱা ১১ বজাৰপৰা ২ বজালৈ অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত উপৰোক্ত পাঁচটা সংগঠনৰ প্ৰায় শতাধিক সদস্যই অংশগ্ৰহণ কৰে। ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত বি টি চিত অনাবড়োসকলে ৰাজনৈতিক অধিকাৰৰপৰাৰ বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰেই বি টি চি চুক্তি পুণৰীক্ষণৰ দাবী তুলিছে।