newsnextone.com | চাবুৱাঃ চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত বৃহস্পতিবাৰে এখনি আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনাচক্ৰত সভাপতিত্ব কৰে ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক চন্দ্ৰ সেনাপতিয়ে।
মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ৰনেন্দ্ৰ খাউণ্ডে আঁত ধৰা অনুষ্ঠানটোত সভাত উদ্দেশ্যে ব্যাখ্যা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক লক্ষীনন্দন বৰগোহাঁঞিয়ে । আলোচনা চক্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন বৰ্মনে।