79
কোকিলাঃ কোকিলাৰ বৰইচালাত আজি এটি কিশোৰৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে৷ পৰিয়ালৰ লোকে নজনাকৈ ঘৰৰ পৰা ওলাই গৈ নুৰ আলম নামৰ এটি তিনি বছৰীয়া শিশুটোৱে মানাহ নৈত পৰে৷
শিশুটোৱে বহু সময় ধৰি ঘৰলৈ নহাত পৰিয়ালৰ লোকসকলে বিচাৰ খোচাৰ কৰি নৈ খনত ওপওি থকা প্ৰত্যক্ষ কৰে শিশুটোৰ মৃতদেহ৷ স্থানীয় ৰাইজে নদীৰ পৰা শিশুটোক উদ্ধাৰ কৰি ততাতৈয়াকৈ মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে শিশুটোক মৃত্যু হোৱা বুলি ঘোষনা কৰে।