Home ৰাজ্যবিছা লাড নঙ চিংফৌ… ৰজা হৈয়ো কূটিল ৰাজনীতি কৰিবলৈ বেয়া পোৱা ৰজাজন

বিছা লাড নঙ চিংফৌ… ৰজা হৈয়ো কূটিল ৰাজনীতি কৰিবলৈ বেয়া পোৱা ৰজাজন

by News Desk
A+A-
Reset
bisa-singfou-kng

তিনিচুকীয়াঃ চিংফৌ জাতিৰ ইতিহাস বুকুত সামৰি শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাই জীৱন নাট সামৰিলে অন্তিমগৰাকী চিংফৌ ৰজা বিছা লাড নঙ চিংফৌৱে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি ৭৫ বছৰ বয়সত বুধবাৰে নিশা প্ৰায় ৮.৫০ বজাত তিনিচুকীয়া জিলাৰ ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ বিছা গাঁওস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চিংফৌ সমাজৰ মুৰব্বী ৰজা বিছা নঙ চিংফৌৱে। 

ওৰেটো জীৱন ৰাজকীয় অথচ সহজ-সৰলভাৱে পাৰ কৰা চিংফৌ ৰজা বিছা লাড নঙ চিংফৌৰ বংশধৰ আছিল বৃটিছ শাসন কালৰে পৰাই সুপৰিচিত তিনিচুকীয়া জিলাৰ টিৰাপ মৌজাৰ চিংফৌ জনগোষ্ঠীৰ এটা ৰজাঘৰীয়া পৰিয়ালৰ স্বাধীনতা সংগ্ৰামী বিছা বম চিংফৌ। পৰৱৰ্ত্তী সময়ত বৃটিছে ৰজা বিছা বম চিংফৌৰ পুত্ৰ বিছা জখং চিংফৌক জনজাতীয় বেষ্টনী টিৰাপ মৌজাৰ মৌজাদাৰ তথা ৰাজনৈতিক জমাদাৰ হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পিছত চিংফৌ ৰজাৰ পৰম্পৰা অটুট ৰখা পৰিয়ালটোৰ পো-নাতি ৰজা বিছা লাড নঙ চিংফৌয়ে ১৯৮২ চনত উত্তৰাধিকাৰী সূত্ৰে টিৰাপ মৌজাৰ মৌজাদাৰ তথা ৰাজনৈতিক জমাদাৰ হিচাপে নিযুক্তি লাভ কৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0