বঢ়মপুৰঃ ৰূপহী নাৰী, সুঠাম দেহৰ পুৰুষৰ ৰূপ-গুণক লৈ অলেখ চৰ্চা৷ নিজকে ৰূপৱতী-ৰূপহী, ভাল লগা কৰি ৰাখিবলৈ কি পিন্ধিব তাক লৈ নাৰী-পুৰুষে সমানে চিন্তা কৰা দেখা যায়৷ গুণ আৰু ৰূপৰ অনেক চৰ্চাৰ মাজত মানুহে নিজৰ আকৰ্ষণ বঢ়াবৰ বাবে আকৰ্ষণীয় ডিজাইনৰ বেশ-ভূষা, বস্ত্ৰ পৰিধান কৰিব বিছাৰে৷ নানা জাতি, জনগোষ্ঠীৰ নানা ধৰণৰ ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি নিজকে শুৱনি কৰিব বিছাৰে৷

সৌন্দৰ্যই কিঞ্চিত হলেও মানুহক আকৰ্ষণীয় আৰু জনপ্ৰিয়তা বৃদ্ধি কৰে৷ বেশ-ভূষা, ভাল লগা ড্ৰেছে আকৰ্ষণীয় ৰূপত নিজকে প্ৰকাশ কৰে বুলি এক ধাৰণা অতীজৰে পৰা আছে৷ ভাৰতীয় তথা অসমৰ পৰম্পৰা নিহিত হৈ থকা বস্ত্ৰ, আ-অলংকাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে বিশ্বত৷

বৰ্তমান সময়ত ইন্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে প্ৰায় ভাগেই জনপ্ৰিয় হবলৈ ব্যৱহাৰ কৰে ইন্টাৰনেট তথা ছচিয়েল মিডিয়াক৷ অকল সাধাৰণ মানুহেই নহয় বোলছবি জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও জনপ্ৰিয়তাৰ উচ্চ শিখৰ লাভ কৰিবলৈ, নিজকে ন-ন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে ছচিয়েল মিডিয়াক৷

তাৰ বাবে সকলোৱে ভাল ড্ৰেছ পিন্ধি তথা জনগোষ্ঠীয় ড্ৰেছ পিন্ধি একপি ফটো উঠি ছচিয়েল মিডিয়াত আপলোড কৰি ভাল কমেন্ট তথা জনপ্ৰিয়তা লাভ কৰাৰ চেষ্টা চলাই৷ হিন্দী বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী দীপিকা পাদুকনৰ পৰা অনুস্কা শৰ্মালৈ, মালাইকা আৰোৰাৰ পৰা শিল্পা চেট্টীলৈ সকলোৱে নিজকে নতুন নতুন আকৰ্ষণীয় ৰূপত উঠা ফটো ছচিয়েল মিডিয়াত প্ৰকাশ কৰে৷ তেনে ফটোবোৰ প্ৰত্যক্ষ কৰি হয়তো আপোনাৰো তেনে ভংগী নতুবা সাজ-সজ্জাৰে এখন ফটো উঠাই ফেচবুক, টুইটাৰত আপলোড কৰিব মন যায়৷

আপুনি যদি সামান্য জনজাতীয় পৰম্পৰা নিহিত হৈ থকা কাপোৰেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছে তেন্তে আপুনি মধ্যযুগৰ বিনিময় প্ৰথাৰ পৰম্পৰাক ধৰি ৰখা অসমৰ অন্যতম সমৃদ্ধিশালী জনগোষ্ঠী তিৱাসকলৰ মেলা জোনবিল মেলালৈ আহক।

পাহাৰ ভৈয়ামৰ মিলনৰ ভূমিত বিনিময় প্ৰথাৰ বাবে বিখ্যাত জোনবিল মেলাত জানজাতীয় বস্ত্ৰ পৰিধান কৰি ফটো উঠাই ছচিয়েল মিডিয়াত প্ৰচাৰ কৰক৷ ইয়াৰ বাবে সকলো সহযোগ কৰিব কদাল ফিৰি নামৰ অনুষ্ঠানটোৱে।

১৮, ১৯ আৰু ২০ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া জোনবিল মেলাত বিনিময় পথাৰ বাবে আলু-কচু, আদা, হালধিৰ পৰা আৰম্ভ কৰি সাজ-পোছাকলৈ পাহাৰৰ পৰা মামা-মামি নামি আহিব৷ আনহাতে ভৈয়ামৰ পৰা পিঠা, জলপান, সান্দহ, শুকান মাছ আদি লৈ সাজো ভৈয়ামৰ ভাগিনসকল ওলাই আহিব৷

এইবাৰ পাহাৰ-ভৈয়ামৰ, দেশ-বিদেশৰ সকলোকে এক বিশেষ ৰূপত আদৰিবলৈ সাজু এদল যুৱক-যুৱতী। জোনবিল মেলাৰ বিশেষ আকৰ্ষণ 'কদাল ফিৰি'ৰ (নতুন সময়) পৰম্পৰা৷ কোদাল ফিৰি হৈছে এখন তিৱা জনগোষ্ঠীৰ বস্ত্ৰৰ বিপনী৷

যত থাকিব তিৱা জনগোষ্ঠীৰ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী, পুৰুষ. মহিলা, বৃদ্ধ সকলোৰে সাজপাৰ৷ এই সাজ পাৰ পৰিধান কৰি আপুনি এখন ফটো উঠাব পাৰিব৷ ফটো তোলা বিপনি খনৰেই নাম হৈছে 'কদাল ফিৰি'। যত আপুনি মন পছন্দৰ জনগোষ্ঠীটোৰ ড্ৰেছযোৰ পিন্ধি ফটো তুলিব পাৰিব৷ তাৰ বাবে নিৰ্দিষ্ট গৃহ থাকিব, আপোনাক সজাই-পৰাই তুলিবলৈ থাকিব নিৰ্দিষ্ট পুৰুষ-মহিলা৷

যত বস্ত্ৰ পৰিধান কৰি তেওঁলোকে আপোনাক ফটো খন উঠাই আপোনাক ফটো খন যোগান ধৰিব নতুবা আপুনি নিজেও তুলিব পাৰিব নানা ভংগীৰে৷ তাৰ জৰিয়তে ছচিয়েল মিডিয়াত আপুনি প্ৰচাৰ কৰক ফটোখন৷ যাৰ ফলত জনগোষ্ঠীটোৰ পৰম্পৰাগত বস্ত্ৰ সমূহৰ বহুল প্ৰচাৰ হ’ব বুলি যুৱক-যুৱতীসকলে চিন্তা-চৰ্চা কৰিছে৷

যুৱক-যুৱতীৰ প্ৰচেষ্টাত এইবাৰ আপুনিও তিৱা সাজ-পাৰ পৰিধান কৰি ফটো তুলি নিজৰ স্মৃতি সজীৱ কৰিব পাৰিব। গোভা ৰজাৰ জোনবিলৰ বিশেষ আকৰ্ষণ 'কদাল ফিৰি' (নতুন সময়) নামৰ বিপনি খনলৈ আহিব এপাক৷ তিৱা সাজত ফটো উঠি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰক আৰু বিশ্ববাসীক দেখুৱাওঁক অসমৰ জনগোষ্ঠীৰ পৰম্পৰাগত ড্ৰেছ সমূহ৷