Home অন্যান্য খবৰকোকৰাঝাৰত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

কোকৰাঝাৰত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
68 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ নিউ আমগুৰীত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত সুকুৰসিঙ বসুমতাৰী (৫০) নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। পেচাত মিস্ত্ৰী কাম কৰা সুকুৰসিঙ বসুমতাৰীয়ে বালাজান তিনালী বজাৰৰপৰা ঘৰলৈ ঘূৰি যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। ঠিক নঙলামুখ পাওঁতেই সুকুৰসিঙে চাইকেলখন ঘৰমুৱা কৰোতেই কোকৰাঝাৰৰপৰা কাৰিগাঁও অভিমুখে প্ৰচণ্ড গতিত যোৱা চাৰিচকীয়া লঘু বাহন এখনে চাইকেলত খুন্দা মাৰি দ্ৰুতগতিত আঁতৰি যায়। দুৰ্ঘটনাটোৰ ফলত সুকুৰসিঙৰ 

চাইকেলখন দুটুকুৰা হোৱাৰ উপৰিও চাইকেলৰ হেণ্ডল বাঁহগছৰ ওপৰত ওলমি থাকে আৰু সুকুৰসিঙ দূৰলৈ ছিটিকি পৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে ১০৮ এম্বুলেন্সক খবৰ দিয়া হৈছিল যদিও বহু পলমকৈ এম্বুলেন্স উপস্থিত হয়। ইতিমধ্যে স্থানীয় ৰাইজে অতি সংকটজনক অৱস্থাত সুকুৰসিঙক এম আৰ এম নামৰ ব্যাক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0