কোকৰাঝাৰঃ বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীৰ গুনগত উৎকৰ্ষ সাধন কৰাৰ লগতে প্ৰতিযোগিতামূলক মনোবৃত্তি বৃদ্ধি কৰিবলৈ প্ৰতিবছৰৰ দৰে এইবেলিও এবছুই অনূষ্ঠিত কৰা ‘পঞ্চম কেন্দ্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষাৰ ২০১৮’ ফলাফল আজি আনূষ্ঠানিকভাৱে ঘোষণা কৰিছে এবছুৱে ৷
এবছুৰ শিক্ষা সচিব কাষ্টম বসুমতাৰী আৰু সহ-শিক্ষা সচিব দীপজ্যোতি কছাৰী স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত সদৰি কৰা মতে এইবেলি নৱম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাত বাক্সা জিলাৰ তামোলপুৰ ইউ এন একাডেমীৰ ছাত্ৰ ত্ৰিদীপ বসুমতাৰীয়ে প্ৰথম স্থান, ওদালগুৰী জিলাৰ ভকতপাৰা ইউ এন একাডেমীৰ ছাত্ৰ নিতুৰাজ দাই বড়োই দ্বিতীয় স্থান আৰু আৰু বাক্সা জিলাৰ নাওকাটা ইউ এন একাডেমীৰ ছাত্ৰ কমল বড়োই তৃতীয় স্থান দখল কৰিছে।