Home অন্যান্য খবৰআৰ এম চিৰ সভাপতি আমিনুৰ ইছলামক বহিষ্কাৰ

আৰ এম চিৰ সভাপতি আমিনুৰ ইছলামক বহিষ্কাৰ

by News Desk
67 views
A+A-
Reset

কোকৰাঝাৰঃ সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিৰ সভাপতি আমিনুৰ ৰহমানে পৰিষদৰ নীতি নিয়ম উলংঘা কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কাম কৰাত তেওঁক বহিষ্কাৰ কৰি মবিনুৰ ইছলামক (ৰুবুল) ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰিছে৷ আজি এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিছে আৰ এম চিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছেলিম আহমেদ খানে৷ প্ৰেছ বিবৃতিত উল্লেখ থকা মতে, আমিনুৰ ৰহমানে পৰিষদৰ সাংগঠনিক কাৰ্যাৱলীৰ প্ৰতি চৰম অৱহেলা কৰি নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱসায়ী কামত বেছি গুৰুত্ব দিছিল৷ তদুপৰি আমিনুৰ ৰহমানে পৰিষদৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্বক অন্ধকাৰত ৰাখি নিজাববীয়াকৈ কিছুুুুমান সিদ্ধান্ত লোৱাত দিনকদিনে সাংগঠনিক স্থিতি অৱনমিত হোৱা বুলিও প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ছেলিম আহমেদ খানে৷ উল্লেখ্য যে যোৱা ২৮ অক্টোবৰত পৰ্বতঝোৰাত  আৰ এম চিৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হৈছিল আৰু সভাৰ তিনি নং প্ৰস্তাৱমৰ্মে আৰ এম চিৰ সভাপতি আমিনুৰ ৰহমানক বহিষ্কাৰ কৰা হয়৷ আনহাতে অহা পোন্ধৰ দিনৰ ভিতৰত এখন সাধাৰণ সভা আহ্বান কৰি সভাৰ সিদ্ধান্তমৰ্মে পৰিষদৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হ’ব বুলিও কাৰ্যকৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0