Home ৰাজ্যকলাইগাঁৱৰ নদীত অবৈধ বেৰ নিৰ্মাণ । এজাক বৰষুণতে জলমগ্ন কলাইগাঁও চহৰ

কলাইগাঁৱৰ নদীত অবৈধ বেৰ নিৰ্মাণ । এজাক বৰষুণতে জলমগ্ন কলাইগাঁও চহৰ

by News Desk
111 views
A+A-
Reset

newsnextone.com।ৰৌতা: যিটো সময়ত ৰাজ্য চৰকাৰে বানপানী প্ৰতিৰোধ কৰিবলৈ ন ন প্ৰদক্ষেপ গ্ৰহন কৰিছে ,তেনে সময়তে ওদালগুৰি জিলাৰ কলাইগাৱ ৰ এগৰাকী ব্যৱসায়ীৰে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই এটা খৰস্ৰোতা নদীৰ বুকুত কংকিটৰ ওৱাল নিৰ্মাণ কৰি সমগ্ৰ কলাইগাৱ চহৰখনতে চৰম আতংক নমাই অনা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সমূহৰ এটা উল্লেখ যোগ্য উপনৈ হৈছে ,নোৱা নৈ । ভূটান পাহাৰৰ পৰা বৈ অহা এই খৰস্ৰোতা নদী খনে ওদালগুৰি আৰু দৰং জিলাৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত মিলিছে গৈ । শেহতীয়া ভাৱে এই নদী খনত কলাইগাৱঁৰ এগৰাকী ব্যৱসায়ীয়ে , একমাত্ৰ টকাৰ জোৰতে সকলোকে মেনেজ কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থত নোৱানৈৰ বুকুত এখন বৃহৎ পকী ওৱাল নিৰ্মাণ কৰি নিজৰ ব্যৱসায় গৃহ নিৰ্মাণ কৰিবলৈ লোৱাত, সমগ্ৰ কলাইগাৱঁ অঞ্চলতে ক্ষোভৰ সৃষ্টি হৈছে।ৰাইজৰ চকুৰ আগতে নিৰ্মাণ কৰা এই অবৈধ বেৰ ,প্ৰশাসনে দেখিও নেদেখা ভাও যোৰাত চহৰ খনৰ একাংশ নাগৰিক ক্ষুদ্ধ হৈ পৰিছে।প্ৰশ্ন উত্থাপন হৈছে, ব্যৱসায়ী বিনোদ সৰকাৰে সকলোকে মেনেজ কৰি পেলাইছে নেকি ? ইফালে জিলা খনত বিগত ২৪ ঘন্টা নেৰানেপেৰা বৰষুণৰ ফলত হঠাতে নোৱানৈৰ পানী বৃদ্ধি পোৱাত কলাইগাৱঁ চহৰৰ একাংশ নাগৰিক আতংকিত হৈ পৰিছে।যাৰ ফলত নদীৰ বাঢ়নী পানীৰ বাবে কেইবাখনো বিদ্যালয় বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দ্বিতীয় পৰ্যায়ৰ গুন উৎসৱৰ প্ৰাকমূহুৰ্তত এনে দৰে বিদ্যালয় পানীৰ বাবে বন্ধ ৰাখিব লগা হোৱাত একাংশ শিক্ষকৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ব্যৱসায়ী গৰাকীয়ে নদী খনক ভেটা দিয়াৰ ফলত কলাইগাৱঁ চহৰৰ একাংশ ঠাইৰ লগতে বৃহস্পতি বৰীয়া দৈনিক বজাৰ, গৰু বজাৰ, বেলতলা, শগুনবাহী,ভেৰুৱা আদি ঠাইত এজাক সামান্য বৰষুণতে নদীৰ পানী উঠাটো সামান্য কথাত পৰিনত হৈছে। এতিয়া প্ৰশ্ন উঠিছে ব্যৱসায়ী বিনোদ সৰকাৰক নিয়ন্ত্ৰণ কৰিব কোনে ? নে টকাৰ জোৰত সকলো মেনেজ হৱ ? কলাইগাৱঁ ৰাইজৰ বাবে হৈছে এয়া লাখটকীয়া প্ৰশ্ন ?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0