62
কামপুৰঃ ভূপেন হাজৰিকাৰ গীতৰ সেই ৰাংঢালী ছোৱালীজনীৰ এতিয়া কোপদৃষ্টি পৰিছে নগাঁও জিলাৰ কামপুৰবাসীৰ ওপৰত। নদীখনৰ গঢ়াখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নদীকাষৰীয়া কেইবাখনো গাঁৱলৈ।
বিগত বহু বছৰ ধৰি কপিলী নদীত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে মাটি-বাৰী। কিন্তু আজি পৰ্যন্ত জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বিষয়টোত। গঢ়াখহনীয়া ৰোধৰ বাবে উপায়ন্তৰ নৈপৰীয়া গঞাই কপিলী নদীৰ পাৰত ধূপ-ধূনা লগাই পূজা অৰ্চনাও কৰিছিল।