ডিজিটেল ডেস্কঃ এগৰাকী সাধৰণ হিন্দু মহিলাই পাকিস্তানৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাত সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে৷ সমাজকৰ্মী ৰূপে পৰিচিত মহিলাগৰাকীয়ে পাকিস্তান পিপলছ পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে৷ শাসকীয় পাকিস্তান পিপলছ পাৰ্টিয়ে পাকিস্তানৰ সিন্ধেৰ প্ৰান্তৰ থাৰৰ পৰা কৃষ্ণ কুমাৰী নামৰ দলিত হিন্দু মহিলাগৰাকীক পাকিস্তানৰ মহিলা চিনেটৰ তথা ৰাজ্যসভালৈ প্ৰেৰণ কৰে৷
প্ৰথম দলিত মহিলা চিনেটৰ তথা ৰাজ্যসভাৰ সাংসদ হিচাপে সংসদত প্ৰৱেশ কৰে কুমাৰীয়ে৷ বিলাৱাল ভুট্টু জৰ্দাৰীৰ দল PPP-এ সংখ্যালঘুৰ বাবে সংৰক্ষিত চিনেটৰ আসনৰ বাবে কৃষ্ণ কুমাৰীক মনোনিত কৰে৷ কৃষ্ণ কুমাৰী আৰু তেওঁৰ ভাতৃ সামাজকৰ্মী হিচাপে পৰিচিত পাকিস্তানত৷ PPP দলৰ নেতাৰ সৈতে ভাল সম্পৰ্ক তেওলোকৰ পৰিয়ালৰ৷