কাকপথাৰঃ প্ৰাথমিক বিদ্যালয়ৰ মাতৃ গোটৰ চাকৰি দিয়াৰ আশ্বাস দি তিনিচুকীয়া জিলাৰ প্ৰায় ৭৫গৰাকী মহিলাৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে৷ প্ৰতিগৰাকী মহিলাৰ পৰা ১৫-১৮ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে জিলা খনৰে ডুমডুমাৰ ১নং ৱাৰ্ডৰ শংকৰদেৱৰ জনি গগৈ নামৰ মহিলাগাৰাকীৰ বিৰুদ্ধে৷
প্ৰায় ৯ বছৰ পূৰ্বে মহিলাসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি জনি গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ শনিবাৰে ডুমডুমা অাৰক্ষীয়ে অাটক কৰা বুলি জানিব পৰা গৈছে মহিলাগৰাকীক৷ জনি গগৈ এগৰাকী শিক্ষকৰ পত্নী৷ মহিলাগৰাকীৰ বিৰুদ্ধে জিলাখনৰ মাৰ্ঘেৰিটা, পেঙেৰী, ডুমডুমা, বাঘজান, ফিল’বাৰীৰ মঞ্জুমনি গোহাঁই, শেষন্তি মৰাণ, ৰুমী মৰাণ, ৰূপালি মৰাণ অাৰু মালবিকা বৰাই ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই জানি গগৈক অাৰক্ষীয়ে অাটক কৰে।