জাজৰিঃ অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলনৰ অন্যতম আগশাৰীৰ নাট্যদল শৰাইঘাট থিয়েটাৰৰ প্ৰযোজক, যুৱ নাট্যকৰ্মী কৃষ্ণানন্দ তামুলীয়ে আজি পুৱা ৮.১৫ বজাত অসমৰ সাংস্কৃতিক জগতৰ শিল্পী, কলা-কৌশলী সকলক কন্দোৱাই ইহলীলা সম্বৰন কৰে।
মাত্র ৪৭ বছৰত পৰলোক প্ৰাপ্তি ঘটা সাংস্কৃতিবান কৃষ্ণানন্দ তামুলী এগৰাকী অতি দৃঢ় আৰু সৃষ্টিশীল মনৰ প্ৰযোজক আছিল। আজি পুৱা নগাঁও জিলাৰ জাজৰিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ লগে লগে তেওঁৰ বাসগৃহলৈ অগণন গুণমুগ্ধৰ আগমন ঘটে।