সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ 

জাজৰিঃ অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলনৰ অন্যতম আগশাৰীৰ নাট্যদল শৰাইঘাট থিয়েটাৰৰ প্ৰযোজক, যুৱ নাট্যকৰ্মী কৃষ্ণানন্দ তামুলীয়ে আজি পুৱা ৮.১৫ বজাত অসমৰ সাংস্কৃতিক জগতৰ শিল্পী, কলা-কৌশলী সকলক কন্দোৱাই ইহলীলা সম্বৰন কৰে। 

মাত্র ৪৭ বছৰত পৰলোক প্ৰাপ্তি ঘটা সাংস্কৃতিবান কৃষ্ণানন্দ তামুলী এগৰাকী অতি দৃঢ় আৰু সৃষ্টিশীল মনৰ প্ৰযোজক আছিল। আজি পুৱা নগাঁও জিলাৰ জাজৰিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ লগে লগে তেওঁৰ বাসগৃহলৈ অগণন গুণমুগ্ধৰ আগমন ঘটে। 

১৯৭২ চনৰ ৪ জুলাইত শিক্ষাবিদ হেমচন্দ্ৰ তামুলী আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্রী অঞ্জলি তামুলীৰ একমাত্র পুত্র হিচাবে জন্ম লোৱা কৃষ্ণানন্দই স্থানীয় জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰিক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰবৰ্তী সময়ত গুৱাহাটীৰ আৰ্য বিদ্যাপিঠৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ হৈ চৰকাৰী বহু কেইটা চাকৰি পায়ো সেইবোৰ ত্যাগ কৰি জাজৰিৰ নিজা গৃহৰ পৰা ১৯৯৭ চনত অসমৰ নাট্য আন্দোলনত এটি নতুন ভ্ৰাম্যমান নাট্যদল জন্ম দিয়ে আৰু ইয়াৰ জৰিয়তে নতুন এচাম শিল্পী, কলা-কৌশলীক কৰ্ম সংস্থানৰ বাট মুকলি কৰি দিয়ে। 

মধ্য অসমত এই নাট্য দলটিৰ জৰিয়তে এক সুস্থ নাট্য আন্দোলনৰ জোৱাৰ তোলা কৃষ্ণানন্দ তামুলীৰ কৃপাতেই বহু কেইজন প্ৰতিভাৱান যুৱক-যুৱতীয়ে বৰ্তমান সাংস্কৃতিক জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ এগৰাকী দৃঢ় মনৰ আৰু সাহসী সাংস্কৃতিক কৰ্মী হিচাবে পৰিচিত তামুলীৰ সুদক্ষ প্ৰযোজনাত কম দিনৰ ভিতৰতে শৰাইঘাট থিয়েটাৰে অসমৰ ভ্ৰাম্যমান নাট্য জগতত উজ্বলি উঠিবলৈ সক্ষম হোৱাৰ লগতে প্ৰথম শ্ৰেণীৰ নাট্যদলৰ লগত ফেৰ মাৰিব পৰা হৈছিল৷

গতানুগতিক ধাৰাৰ বিপৰীতে গৈ তেওঁ সমসাময়িক পৰিবেশৰ লগত খাপ খুৱাই কেইবাখনো নাট বলিষ্ঠ প্ৰযোজনাৰে দৰ্শকৰ মাজত প্ৰদৰ্শন কৰি সৰ্বস্তৰৰ ৰাইজৰ দ্বাৰা বেছ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ তাৰ মাজতেই ২০০৩ চনত যোৰহাট ঢেকিয়াখোৱাৰ নমিতা শইকীয়া তামুলীৰ লগত তেখেতৰ বিয়া হয়৷ 

কিছুদিনৰ পৰা তামুলী মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত চিকিৎসাধীন হৈ আছিল যদিও নগাঁৱৰ জাজৰিক অসমৰ সাংস্কৃতিক জগতত সুকিয়াকৈ পৰিচয় কৰাই দিয়া এইগৰাকী সাংস্কৃতিক কৰ্মী ইমান সোনকালে ইহসংসাৰ ত্যাগ কৰিব বুলি কোনেও ভবা নাছিল। তেখেতৰ বিয়োগত বৃহত্তৰ জাজৰিবাসী অতিকে মৰ্মাহত আৰু অসমৰ সাংস্কৃতিক সমাজ শোক সন্তপ্ত হৈ পৰিছে। 

আজি তেওঁৰ নশ্বৰদেহ দিনৰ ১১ বজাত পুষ্পসজ্জিত বাহনত লৈ সহস্ৰাধিক গুণমুগ্ধই প্ৰথমে দক্ষিণ জাজৰি সাৰ্বজনীন শ্ৰীমন্ত শংকৰ মন্দিৰলৈ নি তাৰ পৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সোমোৱাই পিছত জাজৰি ঢলপুৰীয়া যুৰীয়া নামঘৰত শেষ শ্ৰদ্ধা নিবেদনেৰে সমগ্ৰ জাজৰি অঞ্চল ভ্ৰমণ কৰাই। 

তামুলীৰ মৃতদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে প্ৰাক্তন মন্ত্রী গৌতম বৰা, বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা, প্ৰাক্তন বিধায়ক ডা: দুৰ্ল্লভ চমুৱা, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, শিক্ষাবিদ ৰানা প্ৰকাশ বৰা, জাজৰি আঞ্চলিক শাখা সাহিত্য সভাকে ধৰি স্থানীয় সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়-ববীয়া আৰু অলেখ গুনমুগ্ধই। 

মৃত্যুৰ সময়ত পিতৃ, মাতৃ, পত্নীৰ লগতে এটি পুত্র আৰু এগৰাকী কন্যা সন্তান সহিতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ এনে অকাল মৃত্যুত সমগ্ৰ নগাঁও জিলাতে গভীৰ শোঁকৰ ছাঁ বিয়পি পৰিছে।