newsnextone.com মৰিয়নীঃ শনিবাৰে কৃষক মুক্তিৰ মৰিয়নী সমিতিয়ে মৰিয়নীস্থিত নকচাৰী আদৰ্শ চিকিৎসালয়খন ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি চিকিৎসক তথা পৰ্যাপ্ত চিকিৎসাসেৱা নথকাৰ অভিযোগতে কৃ ষক মুক্তিয়ে চিকিৎসালয়খন ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰ্দশ চিকিৎসালয়খনত চিকিৎসক নথকাত অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভুগি আহিছে। ৰাইজৰ অভিযোগ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ চিকিৎসালয়খনত ৬জন চিকিৎসকৰ বিপৰীতে আছে মাত্ৰ ৩জন চিকিৎসক। আনহাতে, চিকিৎসকসকলৰ অনিয়মীয়া উপস্থিতিৰ বাবেই ৰাইজে চিকিৎসা সেৱা বিচাৰি হাবাথুৰি খাব লগা হয়।