অভয়াপুৰীঃ “মথাউৰি নিৰ্মাণ কৰক, অন্যথাই আমি অনশন কৰি যাম৷ ৰাইজে দাবী জনালে সোণোৱাল চৰকাৰে কেৰেপ নকৰে৷ যাৰ বাবে আমি আমৰণ অনশনত বহিবলৈ বাধ্য হৈছে৷”- বঙাইগাঁও জিলাৰ কুশবাৰীত মথাউৰি নিৰ্মাণৰ দাবীত আমৰন অনশনত বহা লোকসকলে আজি এইদৰে ক্ষোভ ব্যক্ত কৰে।
খহনীয়াৰ কৰাল গ্ৰাসত পৰা উত্তৰ শালমাৰা মহকুমাৰ লেংটিছিঙা-মধুফল মথাউৰিৰ লগতে কুশবাৰী, মধুফল, লতিবাৰী, বৰজানা, ছিকাটাৰী আদি অঞ্চলত মানাহ নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত আতংকত দিন পাৰ কৰা লোকসকলে ৰাজ্য চৰকাৰক বাৰিষাৰ পূৰ্বে মথাউৰি মেৰামতি তথা খহনীয়া ৰোধৰ দাবী জনাই আহিছিল যদিও গুৰুত্ব আৰোপ নকৰাত অৱশেষত আমৰণ অনশনত বহিবলৈ বাধ্য হৈ পৰে।