61
ৰঙিয়াঃ আজি বিশ্ব শ্ৰমিক দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকলে পালন কৰিছে এই বিশেষ দিৱস। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিতো সংযুক্ত মটৰ শ্ৰমিক সন্থা অসম আৰু বাইহাটা চাৰিআলি মটৰ শ্ৰমিক সন্থাই দিনজোৰা কাৰ্যসূচীৰে পালন কৰে শ্ৰমিক দিৱস।
ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনেৰে আৰম্ভণি কৰে এই অনুষ্ঠানৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ উপ-সভাপতি জিতেন্দ্ৰ নাথৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।