Home ৰাজ্যশ্ৰমিক দিৱস উপলক্ষে প্ৰভাতী কিৰণৰ বৃক্ষৰোপণ, শোণিতপুৰত শ্ৰমিক দিৱস পালন

শ্ৰমিক দিৱস উপলক্ষে প্ৰভাতী কিৰণৰ বৃক্ষৰোপণ, শোণিতপুৰত শ্ৰমিক দিৱস পালন

by News Desk
58 views
A+A-
Reset

ৰঙিয়া/তেজপুৰঃ শ্ৰমিক দিৱস উপলক্ষে ৰঙিয়াৰ সেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণে ৰঙিয়া ৰে’লৱে ইক’পাৰ্কত চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। অনুষ্ঠানত ৰঙিয়া ৰে’ল সংমণ্ডলৰ বিষয়া আৰ চি বাৰ্মা, ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য, বিশিষ্ট সমাজকৰ্মী হিতেন শৰ্মাকে ধৰি, জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামাল আহমেদ, নাছিউৰ ৰহমান, কবি আৰন্যম কাশ্যপ, শিল্পী ভূপেন চন্দ্ৰ দাস, বিশিষ্ট ব্যৱসায়ী মুকুতানন্দ ভট্টাচাৰ্য, চিৰাজুৰ ৰহমান উপস্থিত থাকে। 

ৰে’লৱে বিষয়াগৰাকীয়ে বৃক্ষ ৰোপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দিয়া ভাষণত স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। আনহাতে ৰঙিয়া পৌৰসভাৰ পৌৰসভানেত্ৰী সীমা বৈশ্যই তেওঁৰ বক্তব্যৰ মাজেৰে আগন্তুক দিনতো প্ৰভাতী কিৰণক এনে ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ কয়। ৰঙিয়া পৌৰসভাই ৰঙিয়া ৰেল সংমণ্ডলক ৰে’লৱে ই’কো পাৰ্ক খন মেৰামতি কৰি সমগ্ৰ অঞ্চলটোৰ ভিতৰতেই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিবলৈ ৰেলবিভাগক আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0