কোকৰাঝাৰ: কোকৰাঝাৰ সদৰ চহৰত আজি অট্টালিকা নিৰ্মান কৰি থকাৰ সময়তে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি এগৰাকী শ্ৰমিক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত শ্ৰমিকজনক বিলাসীপাৰা মহকুমাৰ বুছিৰ চৰ, শগুনমাৰী চতুৰ্থ খণ্ডৰ ইক্ৰামুল মণ্ডল বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত বাতৰি মতে, কোকৰাঝাৰ সদৰ চহৰ নিৱাসী তথা ব্যৱসায়ী অৰূপ ভৌমিকৰ অট্টালিকাৰ ছাদ ঢালাই নিৰ্মাণৰ কাম চলি আছিল। অট্টালিকালৈ উঠি যোৱাৰ পথৰ নিচেই কাষতে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ থকাৰ বাবেই অট্টালিকা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত শ্ৰমিকসকলে খুৱ সাৱধানতাৰে কাম কৰি আছিল।