73
লাহোৱালঃ ডিব্ৰুগড়ৰ চিৰিংহোলা বাপুজী যুৱক সংঘৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক চিৰিংহোলা ফুটবল সমাৰোহ দেওবাৰৰপৰা আৰম্ভ হয়। উদ্বোধনী খেলখন বাচমতীয়া বনাম দীঘলীয়াৰ মাজত অনুষ্ঠিত হয়।
বাচমতীয়াই ২-০ গলত বিজয়ী হয়। খেল পৰিচালনা কৰে ৰঞ্জিত বৰুৱাই। উদ্বোধনী অনুষ্ঠানত সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি সুৰেশ কোঁৱৰে। শ্বহীদ তৰ্পণ কৰে চিৰিংহোলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাখন গগৈয়ে।