লালুকঃ বিগত দুটাকৈ দিন হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লালুকৰ তৰাজুলি অঞ্চলৰ শতাধিক পৰিয়াল পানীত বুৰ গৈ থকাৰ লগতে অঞ্চলটোৰ একমাত্ৰ সংযোগী পথটোত বৰ্তমান গাভৰু নৈ পানীয়ে বুৰাই ৰাখিছে৷ ফলত আজি অঞ্চলটোৰ এজনো ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব পৰা নাই৷
বানত ক্ষতিগ্ৰস্ত ৰাইজে জনোৱা মতে কালি বিয়লিৰ পৰত গাভৰু নৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ পলকতে বাঢ়নী পানীয়ে সুঁতি সলনি কৰি কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ উপৰিও কাষতে থকা ঘৰবোৰ খহাই নিয়ে।