110
আজাৰাঃ পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলত অবাধ পাহাৰ খনন অব্যাহত অাছে। বন বিষয়া জনৈক শৰ্মাৰ প্ৰত্যক্ষ সহযোগত ৰাণীত ভূ-মাফিয়াৰ এফালৰ পৰা অবৈধ খনন কাৰ্য চলাইছে ৰাণীৰ সেউজীয়া পাহাৰত।
ৰাণীৰ বনবিষয়া জনৈক শৰ্মাৰ নেতৃত্বত চলাৰ অভিযোগ এই খনন কাৰ্য। কিয়নো দিন-দুপৰতেই জেচিবিৰে প্ৰায় ৪০-৫০ খন ডাম্পাৰেৰে প্ৰতিদিনে ভূ-মাফিয়াই এই সেউজীয়া পাহাৰত চলাই থকা মাটি খনন কাৰ্য দেখিও নেদেখাৰ ভাও ধৰি আহিছে বন বিবাগ।