NewsNextOne.Com/ লাংহিন:সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত  আৰু চেলাবৰৰ ৰাইজৰ সহযোগত কাৰ্বি আংলং জিলা স্বায়ত্ব পৰিষদৰ অধীনৰ  লাংহিন সমষ্টিৰ  চেলাবৰত  ২১ ছেপ্টেম্বৰ তাৰিখে এখন  জনজাগৰণ সভা  অনুষ্ঠিত হয় ।

  জনাৰ্দন পাটৰে আতধৰা  জনজাগৰণ সভাখনৰ সভাপতিত্ব কৰে পুনেশ্বৰ পুমাই । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্ৰী চুম ৰংহাং,আমন্ত্ৰিত অতিথি হিচাপে কাৰ্বি আংলং জিলা স্বায়ত্ব পৰিষদৰ  কাৰ্য্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম,পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰাজু তিচ , পৰিষদৰ সদস্য  ৰামছিং  তিমুং,সদৌ তিৱা ছাত্ৰ সন্থাৰ  উপদেষ্টা প্ৰহ্লাদ জ্যোতি মছৰং লগতে বড়ো ,তিৱা ,কাৰ্বি
আদি বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনৰ  বিষয়ববীয়া সকল উপস্থিত থাকে ।

  এই সভাতে ডিফু বিধানসভা সভা সমষ্টিৰ অন্তৰ্গত লাংহিন,ফুলনি আদি  অঞ্চলৰ বাট পথ ,পানী যোগান খেলপথাৰ আদিত সকলো দিশতে উন্নয়ন সাধন কৰাৰ লগতে এই অঞ্চল কেইটাৰ  ভূমি পট্টা নথকা  ৭০খন গাৱঁৰ লোকক অতি শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান কৰা হব বুলি অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাঙে আশ্বাস দিয়ে ।