Home অন্যান্য খবৰকাজিৰঙাৰ মৃত্যুৰে যুঁজিছে এটা নাহৰফুটুকীয়ে

কাজিৰঙাৰ মৃত্যুৰে যুঁজিছে এটা নাহৰফুটুকীয়ে

by News Desk
59 views
A+A-
Reset

কাজিৰঙাঃ যোৰহাটৰ টিয়কত তীব্ৰবেগী বাহনৰ খুন্দাত বুধবাৰে নিশা আহত হোৱা এটা নাহৰফুটুকীয়ে আজিপৰ্যন্ত মৃত্যুৰ সৈতে যুঁজ দি আছে। স্থানীয় ৰাইজে দেখা পাই লগে লগে সমগ্র বিষয়টো বনবিভাগক অৱগত কৰাৰ পিছতে বনবিভাগে আহত নাহৰফুটুকী উদ্ধাৰ কৰে।

বনবিভাগে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰানী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ আনে। মুৰ আৰু দেহৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাহৰফুটুকীটোৰ অৱস্থা সংকটজনক যদিও চিকিৎসা অব্যাহত আছে। নাহৰফুটুকীটো বৰ্তমানেও বিপদমুক্ত নহয় বুলি জনাইছে নাহৰফুটুকীটোৰ চিকিৎসাৰ দায়িত্বত থকা পশুচিকিৎসকসকলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0