ডিজিটেল ডেস্কঃ ভাৰত সুন্দৰীৰ খিতাপ লাভৰ দিশে অগ্ৰসৰ হৈছে এগৰাকী অৰুণাচলী কন্যা। ব্ৰেইন প্লাছ বিউটীৰ অনবদ্য সমাহাৰ এই তনয়াৰ নাম লিছা থছাম।

দৈহিক সুষমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা লিছা হৈছে এইবেলিৰ মিছ ইণ্ডিয়া খিতাপৰ হট ফেভাৰিট। সূৰ্য উঠা দেশক দিল্লীত প্ৰতিনিধিত্ব কৰা উচ্ছল যৌৱনা তনয়াৰ হাঁহিত সৰে পদুমৰ পাহি।

এই অভিমত প্ৰতিযোগিতাৰ বিচাৰকৰ। মূল পৰ্বৰ পূৰ্বে শেহতীয়াকৈ মিছ ইণ্ডিয়াৰ সদৌ প্ৰতিযোগীৰ মাজত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰো জিনিছে লিছাই। তেওঁ লাভ কৰিছে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-সজ্জাৰ বঁটা।

তেওঁ পৰাভূত কৰিছে ৩০ প্ৰতিদ্বন্দীক। কমনীয় দেহবিভংগৰে ৰেম্পত নমা লিছাৰ ৰূপৰ তুলনা নাই। পাহাৰীয়া সজীৱতাৰে জিলিকা লিছাৰ দুচকুৰ পৰা জাকি মাৰি উৰি যায় এযোৰ শৰালী।

বিচাৰকৰ প্ৰশ্নৰো বুদ্ধিদীপ্ত উত্তৰ দিবলৈ তেওঁ সক্ষম। অহা ২৫ জুনত অনুষ্ঠিত হ'ব মিছ ইণ্ডিয়াৰ চূড়ান্ত পৰ্ব। বৰ্তমান যুঁজত সবাতোকৈ আগবাঢ়ি আছে পাহাৰী সুন্দৰী লিছা।