ডিজিটেল ডেস্কঃ চিগাৰেটৰ বাবেই আধা ঘন্টাতে ৭ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হ’ল ভাৰতীয় জীৱন বীমা নিগম৷ চিগাৰেটৰ ওপৰত জিএছটিৰ উপৰিও অধিক কৰ কাৰ্যকৰ হ’ব বুলি সোমবাৰে জিএছটি পৰিষদে ঘোষণা কৰাৰ পিছতে আইটিচি নামৰ বাণিজ্যিক প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ অৱনমিত হয়৷ ফলত শ্বেয়াৰ হ’ল্ডাৰ এলআইচিয়ে সমুখীন হয় বৃহৎ লোকচানৰ।
৪৮ পইছাৰ পৰা একে কোবতে ৭৯ পইছালৈ চিগাৰেটৰ শুল্ক বৃদ্ধি কৰা হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতে শ্বেয়াৰ নামিবলৈ ধৰে আইটিচিৰ৷ উল্লেখ্য যে পহিলা জুলাইৰ পৰা চিগাৰেটৰ ওপৰত ২৮% জিএছটি কৰ আৰোপ কৰা হৈছিল৷ বৰ্তমান সেই কৰৰ ওপৰত আৰু ৫% অধিক কৰ লগোৱা হ’ব বুলি সোমবাৰে প্ৰকাশ কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে৷