গুৱাহাটীঃ সামাজিক-সাংস্কৃতিক সংস্থা সমলয়ৰ উদ্যোগত আৰু অসম সাংবাদিকতা বিদ্যালয়ৰ সহযোগত ২০ জুলাইৰ পৰা ২৬ জুলাই ২০১৭ লৈ গুৱাহাটীৰ উজানবজাৰস্থিত অসম সাংবাদিকতা বিদ্যালয় প্ৰাংগনত সপ্তাহযোৰা মূকাভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে।
সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিল্পী মইনুল হক মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া এই কৰ্মশালাত আন চাৰিগৰাকী শিল্পী ক্ৰমে বিজিত কুমাৰ দাস, ধ্ৰুৱজ্যোতি তালুকদাৰ, মিনাংক ডেকা আৰু দেৱজিত ডেকাই প্ৰশিক্ষণ প্ৰদান কৰিব।