লংকাঃ অসমত আৱিস্কাৰ হৈছে আন এখন লোৰ দলং৷ লোৰ দলংখন বৃটিছ নতুবা আহোম ৰজাই সজোৱা নাছিল ৷ সজাইছিল কংগ্ৰেছ চৰকাৰে ৷ বহু পুৰণিয়ো নহয় দলং খন৷ দলংখন নিৰ্মাণৰ তিনি-চাৰি বছৰ হৈছেহে৷ হোজাই জিলাৰ ৯২ নং লামডিং বিধান সভা সমষ্টিৰ অন্তৰ্গত লংকা চহৰৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ উদালীত আছে এই দলংখন৷
লোৰ দলংখনক লৈ উদালীবাসীয়ে গৌৰৱ কৰিব নোৱাৰে৷ বিপৰীতে দলংখন ক্ষোভৰ হে কাৰণ হৈ পৰিছে৷ অঞ্চলটোৱে স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ দেখা নাই। বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, বাট-পথৰ উন্নয়ন আজিও হোৱা নাই।