96
তুলসীবাৰীঃ ৯ বছৰীয়া শিৱম বড়োৱে গৌৰৱ কঢ়িয়াই আনিলে ৰঙিয়ালৈ৷ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৯বছৰ অনুৰ্ধৰ কাটা শাখাত সোণৰ পদক জয় কৰে শিৱমে।
গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাৰ ছাউথ পইন্ট স্কুলত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক আই এছ কে এফ মুকলি ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰঙিয়াৰ সন্তান শিৱম বড়োৱে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ল’ৰাৰ ৯বছৰ অনুৰ্ধৰ কাটা শাখাত সোণৰ পদক আৰু কুমিটে শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।