Home ভাইৰেললেখাপানীত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ দুজনক আটক

লেখাপানীত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ দুজনক আটক

by News Desk
102 views
A+A-
Reset

লিডুঃ  চোৰাং ব্যৱসায়ীৰে অপৰাধীৰ সাম্ৰাজ্যত পৰিনত হোৱা তিনিচুকীয়া জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী এলেকাত অব্যাহত আছে ড্ৰাগছ -গাঞ্জা- কানি আদিৰ ৰমৰমীয়া বেহা ৷ বিশেষকৈ অসম অৰুনাচল সীমান্তৱৰ্তী জাগুন লেখাপানী আদি এলেকাত একাংশ অসাধু কুখ্যাত ড্ৰাগছ,কানি,গাঞ্জাৰ  ব্যৱসায়ী চক্ৰই আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি মাৰাত্মক নিচাজাতীয় দ্ৰব্যসমূহৰ অবাহ বেহা অব্যাহত ৰখা কাৰ্যই এতিয়া বাৰুকৈ চিন্তাম্বিত কৰি তুলিছে সচেতন মহলক ৷ 
আজি  লেখাপানী আৰক্ষী  থানাৰ অন্তৰ্গত হাচাক ঘাটৰ পৰা সেনাৰ  ৩ নং গাৰোৱাল ৰাইফলছে  দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে বিপুল গায়ন আৰু অভিজিৎ গগৈ বুলি জানিব পৰা গৈছে । গোপন সূত্ৰৰ অভিযোগৰ ভিত্তিত সেনাৰ ৩ নং গাৰোৱাল ৰাইফলছে অভিযান চলাই পেঙেৰীৰ পৰা মাৰ্ঘেৰিটাৰ অভিমুখে ড্ৰাগছ সৰৱৰাহ কৰাৰ উদ্দেশ্যে আহি থকা অৱস্থাতে উল্লেখিত যুৱক দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উক্ত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ  পৰা সেনা- আৰক্ষীয়ে বৃহৎ পৰিমানৰ  ব্ৰাউন চুগাৰ জব্দ কৰে। যাৰ বজাৰ মুল্য ৩০ হাজাৰকৈ অধিক হব বুলি অনুমান কৰা হৈছে ৷ 
ধৃত সৰবৰাহকাৰী দুজনে কৰ পৰা আৰু কেনেকৈ ড্ৰাগছখনি ক্ৰয় কৰি আনিছিল সেই কথা আৰক্ষীৰ তদন্তৰ পাছতহে  স্পষ্ট  হৈ পৰিব ৷ সম্প্ৰতি লোক দুজন লেখাপানী আৰক্ষীৰ জিম্মাত আছে । 

উল্লেখযোগ্য যে বিভিন্ন সময়ত নানান অৰাজনৈতিক দল সংগঠন সমূহে এলেকাসমূহত সজাগতা সভা অনুষ্ঠিত কৰি গাঞ্জা,কানি,ড্ৰাছৰ বিৰুদ্ধে নাগৰিকৰ মনত সেচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰি আহিছে যদিও এনে মাৰাত্মক নিচাজাতীয় দ্ৰব্য সমূহৰ অবাধ বেহা বৰ্তমানেও যে  হ্ৰাস পোৱা নাই সেই কথা এতিয়া এনেবোৰ ঘটনাই স্পষ্টৰূপে প্ৰমান কৰিছে ৷ সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত ৰক্ষকেই ভক্ষকৰ ভুমিকা পালন কৰাৰ ফলতেই এনেবোৰ বেহা  এলেকাটোত বৰ্তমানেওঁ হ্ৰাস নোহোৱা বুলি অভিযোগ তুলিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0