কাজিৰঙাঃ অন্ধবিশ্বাসৰ কবলৰপৰা সাৰি নগ’ল লিটল ফ্লাৱাৰৰ দৰে অভিজাত বিদ্যালয়ো। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোগ প্ৰতিষেধক বেজী দিয়াৰ কুপ্ৰভাৱক লৈ ওলোৱা উৰাবাতৰিত ভোল গৈ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে ভয়ত বিতত হোৱাৰ পিছত এইবাৰ অভিজাত বিদ্যালয়তো ওলাল চিটাভূত।
কাজিৰঙাৰ লিটল ফ্লাৱাৰ নামৰ বিদ্যালয়খনত চিটা দিব বুলি জানিব পাৰি বৃহস্পতিবাৰে পাঠদান চলি থকাৰপৰাই পলায়ন কৰে ছাত্ৰ-ছাত্ৰী। কেৱল ছাত্ৰ-ছাত্ৰীয়ে নিজেই নহয়, অভিভাৱককো দেখা গ’ল নিজ সন্তানক বিদ্যালয়ৰপৰা ততাতৈয়াকৈ উলিয়াই নিয়াৰ বাবে তৎপৰ হোৱা।