ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মহাভাৰতৰ যুগৰ পৰাই ইণ্টাৰনেট সেৱা আছিল বুলি বিতৰ্কৰ সূচনা কৰাৰ পিছত এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এটা মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে। ৰাজনাথ সিঙে ৰাম আৰু কৃষ্ণই ৰাজনীতি কৰিছিল বুলি কৈ ৰাজনীতি কোনো নতুন কথা নহয় বুলি কয়।
শনিবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ এখন দলীয় সভাত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰি সিঙে কয় ‘‘দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই ৰাজনীতি কৰা হৈছিল৷ ভগৱান ৰাম আৰু ভগৱান কৃষ্ণই ৰাজনীতি কৰিছিল৷ ভগৱান ৰামৰ ৰাজনীতিৰ উদ্দেশ্যে আছিল ‘ৰামৰাজ’ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু কৃষ্ণই ধৰ্মৰ বাবে ৰাজনীতি কৰিছিল৷’’