গোৰেশ্বৰঃ সপ্তম দৰমহা আয়োগৰ ঘোষণাক লৈ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এক উৎসাহ দেখিবলৈ পোৱা গৈছিল। কিন্তু সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন মতে দৰমহা দিয়াত আসোঁৱাহৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক পৰিষদে।
পৰিষদৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে ৰমেশ দাস আৰু মহেশ্বৰ মেধিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জনাইছে যে পৰিবৰ্তনকামী চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে অসমৰ বিত্ত বিভাগে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মৰ্মে গ্ৰহণ কৰা সংশোধিত দৰমহা বিধি (আৰঅ’পি) ৰ অধিসূচনা ১৭ মাৰ্চত জাৰি কৰিছে।