খৈৰাবাৰীঃ আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫২৮ তম্ আৱিৰ্ভাৱ মহোৎসৱ।মহাপুৰুষজনাৰ নামত সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰা “মাধৱদেৱ বঁটা” এইবাৰ আগবঢ়োৱা হৈছে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ।
বৰপেটাৰ জিলাৰ সুন্দৰীদিয়া সত্ৰই প্ৰতিবছৰে মহাপুৰুষ জনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ উদযাপন কৰি আহিছে। এইবেলি প্ৰথমবাৰৰ বাবে ‘মাধৱদেৱ বঁটা’ প্ৰদান কৰিব। সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ তথা সভাপতি জগন্নাথ দেৱ অধিকাৰী আৰু সম্পাদক বিৰাজ তালুকদাৰে এই কথা সদৰী কৰিছে৷