newsnextone.com| ওদালগুৰিঃ ২ অক্টোবৰ কাইলৈ দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৪৯ সংখ্যক জন্মজয়ন্তী। সমগ্ৰ দেশজুৰি কাইলৈ জাতিৰ পিতা গান্ধীজীক স্মৰণ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ব্যতিক্ৰম নহয় ওদালগুৰি চহৰ। ওদালগুৰি চহৰখনৰ মাজমজিয়াত অৱস্থিত ওদালগুৰি ৰে’ল ষ্টেচনত এটা সময়ত পদাৰ্পণ কৰিছিল স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা জাতিৰ পিতা মহাত্মা গান্ধীয়ে। তেখেতে জীৱিত কালত চাৰিবাৰকৈ অসম ভ্ৰমণ কৰিছিল। তেখেতে তৃতীয়বাৰ অসম ভ্ৰমণলৈ অহাৰ সময়ত হৰিজন সেৱক সংঘৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেজপুৰলৈ ৰাওনা হৈছিল।
অনুষ্ঠানটোৰ পৰা ৰে’লেৰে ঘুৰি অহাৰ সময়ছোৱাত ১৯৩৪ চনৰ ১২ এপ্ৰিল তাৰিখে গান্ধীজীয়ে ওদালগুৰি ৰে’ল ষ্টেচনত উপস্থিত হৈ ৰে’লৰ পৰা নামি কিছুসময় ষ্টেচনটো পৰিদৰ্শন কৰাৰ কথা ইতিহাসত সন্নিৱিষ্ট আছে। সেয়েহে মহান লোকগৰাকীৰ ওদালগুৰি ৰে’ল ষ্টেচনৰ সৈতে থকা সম্পৰ্কৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে গান্ধী জয়ন্তী উপলক্ষে কালি ওদালগুৰি ৰে’ল ষ্টেচন চৌহদত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিছে।