112
চৰাইদেউঃ আঢ়ৈ দশকজুৰি অৱহেলিত চৰাইদেউ জিলাৰ এক বৃহৎ অঞ্চলৰ বাবে স্থাপিত পশু চিকিৎসালয়খন হাবি-বননিয়ে আগুৰি পেলাইছে। অনুসূচিত জাতিৰ নামত আৱণ্টিত পশু চিকিৎসালয়খনৰ এনে দুৰৱস্থাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।
১৯৮১ চনতে স্থাপিত কোৰোকানি পশু চিকিৎসালয়খনৰ বাবে ৰাইজে মাটি দান কৰিছিল যদিও মাত্ৰ কেইমাহমান এজন ক্ষেত্র পৰিদৰ্শকে কাম কাজ চলাই বদলি হৈ গ’ল আন ঠাইলৈ।