ডিজিটেল ডেস্কঃ জীৱনত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ চিংগলছৰ মহিলাৰ চুড়ান্ত খেলখনত উইম্ৱলডনৰ অপ্ৰতিদ্বন্দী তাৰকা ভেনাছ উইলিয়ামচক হৰুৱাই খিতাপ দখল কৰি উচুপি উঠিল ২৩ বৰ্ষীয় ভেনিজুৱেলাৰ গাৰ্বিন মুগুৰুজা। বিজয়ৰ বুজাব নোৱাৰা অনন্য অনুভৱেৰে অভিভূতঃ গাৰ্বিন টেনিছ ক’ৰ্টতে আঠু কাঢ়ি বহি পৰিল। ধাৰাসাৰে বৈ আহিল আনন্দৰ চকুলো।

উইম্ৱলডনৰ বৰ্ষীয়ান খেলুৱৈ ভেনাছক পুনৰ্বাৰ চেম্পিয়ন হোৱাৰ আশা ধুলিস্যাৎ কৰি শনিবাৰে অনুষ্ঠিত চুড়ান্ত খেলখনত ৭-৫, ৬-০ ৰ ছেটত পৰাস্ত কৰে বিগত বৰ্ষৰ ফ্ৰান্স অ’পেনৰ খিতাপধাৰী গাৰ্বিনে।   

শৈশৱৰে পৰা ভেনাছক খেলি থকা দেখি অহা গাৰ্বিনৰ বাবে ভেনাচ আছিল এক অনুপ্ৰেৰণা। প্ৰথম ছেটত ভেনাছে তীব্ৰ প্ৰতিদ্বন্দীতা আগবঢ়াইছিল যদিও পৰৱৰ্তী ছেটত ভেনাছৰ প্ৰদৰ্শন গাৰ্বিনৰ দুৰ্দান্ত খেলৰ আগত ম্লান হৈ পৰে। মেচখন অতি কঠিন আছিল বুলি মন্তব্য কৰে গাৰ্বিনে।