ডিজিটেল ডেস্কঃ জীৱনত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ চিংগলছৰ মহিলাৰ চুড়ান্ত খেলখনত উইম্ৱলডনৰ অপ্ৰতিদ্বন্দী তাৰকা ভেনাছ উইলিয়ামচক হৰুৱাই খিতাপ দখল কৰি উচুপি উঠিল ২৩ বৰ্ষীয় ভেনিজুৱেলাৰ গাৰ্বিন মুগুৰুজা। বিজয়ৰ বুজাব নোৱাৰা অনন্য অনুভৱেৰে অভিভূতঃ গাৰ্বিন টেনিছ ক’ৰ্টতে আঠু কাঢ়ি বহি পৰিল। ধাৰাসাৰে বৈ আহিল আনন্দৰ চকুলো।
উইম্ৱলডনৰ বৰ্ষীয়ান খেলুৱৈ ভেনাছক পুনৰ্বাৰ চেম্পিয়ন হোৱাৰ আশা ধুলিস্যাৎ কৰি শনিবাৰে অনুষ্ঠিত চুড়ান্ত খেলখনত ৭-৫, ৬-০ ৰ ছেটত পৰাস্ত কৰে বিগত বৰ্ষৰ ফ্ৰান্স অ’পেনৰ খিতাপধাৰী গাৰ্বিনে।