100
মাজুলীঃ পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ বিজয়উল্লাসৰ মাজতেই মাজুলীত অঘটন। মাজুলীৰ বি জে পিৰ জিলা সাধাৰণ সম্পাদক নিতুল নাথৰ ওপৰত দুৰ্বিত্তই চলালে আক্ৰমণ।
নাথৰ চুইফট ডিজায়াৰ বাহনখনো ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তই। শুকুৰবাৰে নিশা মাজুলীৰ গড়মূৰস্থিত মাজুলীৰ জিলা বি জে পিৰ কাৰ্যালয়ৰপৰা ১০-৩০ বজাৰত ঘৰলৈ গৈ থকা অৱস্থাত পকাজৰা ওচৰৰ কঢ়াৰ ডুবিৰ ওচৰত দুখনকৈ মটৰ চাইকেলত অহা তিনিজন লোকে নিতুল নাথৰ গাড়ী ৰখাই আক্ৰমণ চলায়।