প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত বিগত এসপ্তাহ ধৰি মেলেৰিয়া ৰোগত আক্ৰাম্তৰ সংখ্যা কমেও ১১ জন হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ লগতে ৰাজ্যখনত বৰ্তমান পৰিৱেশত মেলেৰিয়া ৰোগত আক্ৰান্তৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ 

ইফালে দিল্লীত ১৬ মে’ৰ পৰা ২৩ মে’ পৰ্যন্ত ৪জন লোক ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰে৷ কিন্তু ডেংগুৰ তুলনাত ৰাষ্ট্ৰৰ ৰাজধানীখনত মেলেৰিয়া ৰোগ দ্ৰুততাৰে বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগ সংকিত হৈ পৰিছে৷

মেলেৰিয়া ৰোগত আক্ৰান্ত সৰ্বমুঠ ৪০ তজন লোকৰ ভিতৰত জুন মাহত ১৯ জন, মে’ মাহত ১৭ জন আৰু এপ্ৰিল আৰু মাৰ্চ মাহত এজনকৈ লোগ মেলেৰিয়াত আক্ৰান্ত হৈছিল৷ তদুপৰি চৰকাৰী তথ্য মতে ফেব্ৰুৱাৰী মহতো এই ৰোগত আক্ৰান্তৰ সংখ্যা আছিল ২জন৷ 

আনহাতে চৰকাৰী তথ্য মতে, এই জলবায়ুত চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হোৱা ডেংগু ৰোগত আক্ৰান্ত ২৮ জন লোকৰ ভিতৰত জানুৱাৰীত ৬ জন, ফেব্ৰুৱাৰীত ৩ জন, মাৰ্চত এজন আৰু এপ্ৰিলত ২ জন লোগ আক্ৰান্ত হয়৷ 

ইফালে মে’ মাহত ১০ জন আৰু জুন মাহত ৬ জন লোক ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰে৷

বিগত বৰ্ষত ৰাষ্ট্ৰ ৰাজধানীখনত মহামাৰীৰ ৰূপ ধাৰণ কৰা এই ৰোগে পুনৰ এইবছৰত দ্ৰুত গতিত বৃদ্ধি পোৱাত সংকিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ 

সাধাৰণতে এই ৰোগৰ প্ৰকোপ জুলাই মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত বৃদ্ধি পোৱা দেখা যায় যদিও এই বছৰৰ আৰম্ভণিৰ পৰাই এই ৰোগৰ সংক্ৰামণ দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, ২০১৭ চনত ৰাজ্যখনত মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছিল ৫০০ৰো অধিক লোক৷