newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত বিগত এসপ্তাহ ধৰি মেলেৰিয়া ৰোগত আক্ৰাম্তৰ সংখ্যা কমেও ১১ জন হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ লগতে ৰাজ্যখনত বৰ্তমান পৰিৱেশত মেলেৰিয়া ৰোগত আক্ৰান্তৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷
ইফালে দিল্লীত ১৬ মে’ৰ পৰা ২৩ মে’ পৰ্যন্ত ৪জন লোক ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰে৷ কিন্তু ডেংগুৰ তুলনাত ৰাষ্ট্ৰৰ ৰাজধানীখনত মেলেৰিয়া ৰোগ দ্ৰুততাৰে বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগ সংকিত হৈ পৰিছে৷