কলিকতাঃ পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ আজি ৰাতিপুৱা ৯বাজি ২০ মিনিটত কলিকতাৰ ”মেডিকা ছুপাৰস্পেছিয়েলিটি হস্পিটাল’’ত মৃত্যু হয় বুলি সংবাদ প্ৰতিস্থানৰ বাতৰিত জানিব পৰা গৈছে।
উল্লেখযোগ্য যে তেখেত কৰোনাত আক্ৰান্ত আছিল আৰু যোৱা এক মাহৰ পৰা তেখেতৰ চিকিৎসা চলি আছিল। মেডিকা ছুপাৰস্পেছিয়েলিটি হস্পিটালৰ চেয়াৰমেন ডাঃ আলোক ৰায়ে কয় যে,‘চিএম মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ আজি ৰাতিপুৱা চিকিৎসালয়ত মৃত্যু হয়৷ তেখেত কৰোনাত আক্ৰান্ত আছিল আৰু চিকিৎসালয়ত তেখেতৰ চিকিৎসা চলি আছিল৷’