ভূপালঃ চৌদিশৰ পৰা বিকাশ হোৱা বুলি দাবী কৰা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শাসকীয় পক্ষৰ মতে ৰাজ্যখনৰ বাট-পথ আমেৰিকাৰ দৰে হৈ পৰিছে, চহৰসমূহ স্মাৰ্ট হৈ পৰিছে আৰু সমগ্ৰ ৰাজ্যতে স্বাস্থ্যসেৱাৰো উন্নতি হৈছে। কিন্তু বাস্তৱত ৰোগীৰ মৃত্যু হ’লে মৃতদেহ ঘৰলৈ নিবলৈকো শৱ কঢ়িওৱা গাড়ীৰ অভাৱ।
এনে এক শেহতীয়া ঘটনা পোহৰলৈ আহিছে ৰাজ্যখনৰ শহদোল চহৰত। দেওবাৰে শহদোল চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ পিছত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই শৱদেহ ঘৰলৈ লৈ যাবলৈকো মৃতকৰ পৰিয়ালক এখন শৱদেহ কঢ়িওৱা বাহনৰ ব্যৱস্থা কৰি দিব নোৱৰাৰ অভিযোগ উত্থাপিত হৈছে। ফলত মৃত মহিলাগৰাকীৰ পুত্ৰই কাঠৰ টুকুৰাত বান্ধি শহদোল জিলাৰ পৰা অনুপপুৰ জিলালৈ প্ৰায় ৮০ কিলোমিটাৰ দূৰত্ব মটৰ চাইকেলেৰেই মৃতদেহটো কঢ়িয়াই নিয়ে।
মৃত মহিলাগৰাকীৰ পুত্ৰই জনোৱা মতে হাস্পতালত তেওঁৰ মাতৃয়ে চিকিৎসাও নাপালে আৰু মৃত্যুৰ পিছত শৱদেহ কঢ়িয়াবলৈ বাহন এখনো নাপালে। প্ৰাইভেট শৱদেহ কঢ়িওৱা বাহনসমূহে ৫০০০ টকা ভাৰা বিচৰাত উপায়ন্তৰ হৈ মটৰ চাইকেলেৰেই শৱ কঢ়িয়াবলৈ বাধ্য হৈ পৰে দুৰ্ভগীয়া পুত্ৰ। পুত্ৰই অভিযোগ কৰা মতে অনুুপপুৰ জিলাৰ পৰা মাকৰ চিকিৎসাৰ বাবে তেওঁ শহদোল চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল।
কিন্তু উচিত চিকিৎসা লাভ নকৰাত মাতৃৰ মৃত্যু হয়। মাতৃৰ মৃত্যুৰ পিছত তেওঁ শৱদেহ কঢ়িওৱা বাহন বিচাৰে যদিও চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সেয়া দিবলৈ অস্বীকাৰ কৰে। উপায়ন্তৰ হৈ পুত্ৰই ১০০ টকাৰ কাঠৰ টুকুৰা কিনি আনি তাতেই মৃতদেহ বান্ধি বাইকেৰেই অনুপপুৰ জিলাৰ গুৰাৰু গাঁৱৰ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে।
চিকিৎসাও নাপালে, নাপালে শৱবাহন...
অনুপপুৰৰ গুৰাৰু গাঁৱৰ বাসিন্দা জয়মন্তী যাদৱৰ বুকুৰ বিষ হোৱাত পুত্ৰই শহদোলৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰায়। ৰোগ গুৰুতৰ হোৱাত চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে। চিকিৎসা ভালকৈ লাভ নকৰাত নিশাই জয়মন্তীৰ মৃত্যু ঘটে। মৃত মহিলাৰ জয়মন্তীৰ পুত্ৰ সুন্দৰ যাদৱে জিলা হাস্পতালৰ নাৰ্ছসকলে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। জিলা হাস্পতালত চিকিৎসাৰ কোনো সুবিধাই নাই বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সুন্দৰে।
১০০ টকাৰ কাঠৰ টুকুৰা
মাতৃৰ মৃত্যুৰ পিছত শৱ কঢ়িয়াবলৈ সুন্দৰে শৱদেহ কঢ়িওৱা বাহনৰ খা-খবৰ ল’লে। কেবাবাৰো অনুৰোধ কৰাৰ পিছতো হাস্পতাল কৰ্তৃপক্ষই সুন্দৰক শৱদেহ কঢ়িওৱা বাহনৰ ব্যৱস্থা উপলব্ধ নকৰালে। অৱশেষত ১০০ টকাৰ কাঠখৰি কিনি সেয়া সাঙীৰ দৰেকৈ বান্ধি আত্মীয় এজনৰ সৈতে বাইকেৰেই মৃতদেহ কঢ়িওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেনেদৰেই বাইকৰ পিছফালে মাতৃৰ মৃতদেহ বান্ধি গুৰাৰু গাঁৱৰ ঘৰত উপস্থিত হয় সুন্দৰ।
নৰকতকৈও জঘন্য শহদোল মেডিকেল কলেজ
পৃথিৱীত যদি কোনোৱে নৰক চাবলৈ বিচাৰে তেন্তে শহদোল মেডিকেল কলেজ হাস্পতাললৈ আহিব পাৰে। এইদৰে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক লৈ ক্ষোভ উজাৰে মৃত মহিলাগৰাকীৰ পৰিয়ালে। তেওঁলোকৰ মতে কাগজে-কলমে আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় বুলি দাবী কৰা শহদোল মেডিকেল কলেজ প্ৰকৃতাৰ্থত নৰকতকৈ কোনোগুণে কম নহয়।