গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ টাউন নিবাসী কৈলাশ মজুমদাৰ (৫৬) আৰু নাই। ১৯ ছেপ্তেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কৈলাশ মজুমদাৰে।
তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি আছিল যদিও কিছুদিন পূৰ্বে তেওঁৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে। তাৰ পাছতে তেওঁ চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছিল যদিও মঙলবাৰে তেওঁৰ মৃত্যু ঘটে৷ কংগ্ৰেছ দলৰ নেতা গৰাকী জনজাতি কল্যাণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ আছিল। তেওঁ কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় আৰু নিষ্ঠাবান কৰ্মী আছিল।